চুৰি হোৱা সোণৰ অলংকাৰৰ সন্ধানত ঢকুৱাখনা আৰক্ষীৰ অভিযান।
আপুনি গঢ়াবলৈ দিয়া সোণৰ অলংকাৰ কিমান সুৰক্ষিত? কিমান বিশ্বাসী জুৱেলাৰীৰ কৰ্মচাৰী? মালিকৰ অজ্ঞাতে কৰ্মচাৰীয়ে চলাইছে চুৰি সোণৰ ৰমৰমীয়া বেহা। ঢকুৱাখনাত পোহৰলৈ আহিছে তেনে এক ঘটনা।
জুৱেলাৰীৰ কাৰখানাত কৰ্মৰত কৰ্মচাৰীৰ ভাড়াঘৰত সোণৰ অলংকাৰসহ নগদ ১৬ লাখ ৮২ হেজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। চুৰি হোৱা সোণৰ অলংকাৰৰ সন্ধানত ঢকুৱাখনা আৰক্ষীয়ে অভিযান চলাইছিল ঢকুৱাখনা নগৰৰ দত্ত জুৱেলাৰীৰ কাৰখানাত কৰ্মৰত বিনয় সূত্ৰধাৰ নামৰ এগৰাকী কৰ্মচাৰীৰ গৃহত।
জুৱেলাৰীৰ কাৰখানাত কৰ্মৰত বিনয় সূত্ৰধাৰে দীৰ্ঘদিনৰ পৰা অব্যাহত ৰাখিছিল চুৰি অলংকাৰ ক্ৰয়ৰ ব্যৱসায়। ইতিমধ্যে ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৫দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে বিনয় সূত্ৰধাৰক।