অৱশেষত আহিল ভাল খবৰ! বৃহস্পতি বাৰৰ পৰা ১০ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব ধন! কাৰণ আজিৰে পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে নিযুত মইনা আঁচনি। ইতিমধ্যে আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰি সোনকালে জমা দিয়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
নিযুত মইনা আঁচনি কি?
নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম সপোনৰ আঁচনি। পঢ়ি থকা শিক্ষাৰ্থীক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে এই আঁচনি আৰম্ভ কৰা হৈছে।
আঁচনিৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে ১০০০ টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতিমাহৰ ১১ তাৰিখে লাভ কৰিব এই ধন। আনহাতে স্নাতক শ্ৰেণীত পঢ়ি থকাসকলে ১২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে ২৫০০ টকাকৈ মাহেকত লাভ কৰিব।
মুখ্যমন্ত্ৰী শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক শীঘ্ৰে আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰিবলৈ এতিয়া আহ্বান জনাইছে।