সম্পৰ্কীয় বাতৰি

শান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰদান কৰা ভাৰতীয় বঁটা। বিভিন্ন বৈজ্ঞানিক শাখাত অসাধাৰণ অৱদানক স্বীকৃতি প্ৰদান কৰি এই বঁটা দিয়া হয়।

শান্তি স্বৰূপ ভাটনাগৰ বঁটা (Shanti Swarup Bhatnagar Prize) হৈছে বিজ্ঞানৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় সন্মান। নিম্নোল্লিখিত শাখাসমূহত এই বঁটা প্ৰদান কৰা হয় –

– জীৱ বিজ্ঞান

– ৰসায়ন বিজ্ঞান

– পৃথিৱী , বায়ুমণ্ডল , মহাসাগৰ আৰু গ্ৰহ-বিজ্ঞান

– অভিযান্ত্ৰিক বিজ্ঞান

– গাণিতিক বিজ্ঞান

– চিকিৎসা বিজ্ঞান

– ভৌতিক বিজ্ঞান

এই বঁটাৰ পৃষ্ঠপোষকতা কৰিছে Council of Scientific and Industrial Research (CSIR) এ। ১৯৫৮ চনত CSIR ৰ প্ৰতিষ্ঠাপক-পৰিচালক শান্তি স্বৰূপ ভটনগৰৰ সন্মানাৰ্থে এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল । এই বঁটাত প্ৰশস্তি, এখন ফলক আৰু ৫ লাখ টকাৰ নগদ পুৰস্কাৰ দিয়া হয়। লগতে মাহিলী ১৫ হাজাৰ টকাৰ জলপানি দিয়া হয়।

ভাৰতৰ বৈজ্ঞানিক গৱেষণাৰ উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা এই বঁটাক দেশৰ ভিতৰতে সৰ্বোচ্চ বিজ্ঞান বঁটা হিচাপে গণ্য কৰা হয় ।

ইতিমধ্যে অসমীয়া ছয় গৰাকী বৈজ্ঞানিকে শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে। শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা অসমীয়াসকল হ’ল ক্ৰমে-

১/ ড° মিহিৰ কান্তি চৌধুৰী -১৯৮৯ চন

২ / ড° জিতেন্দ্ৰ নাথ গোস্বামী – ১৯৯৪

৩/ ড° ভূপেন্দ্ৰ নাথ গোস্বামী – ১৯৯৫

৪/ প্ৰশান্ত গোস্বামী – ২০০১

৫/ ড° বিনয় কুমাৰ শইকীয়া -২০২১

৬/ ড° পূৰৱী শইকীয়া -২০২৪ (চলিত বৰ্ষ )

অসমীয়া বিজ্ঞানী কেইজনৰ চমু পৰিচয় –

১/ ড° মিহিৰ কান্তি চৌধুৰী (জন্ম ১৯৪৭) এজন অজৈৱ ৰসায়নবিদ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য । ৰসায়ন বিজ্ঞানৰ অগ্ৰণী অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৮৯ চনত তেওঁক শান্তিস্বৰূপ ভাটনগৰ বঁটা প্ৰদান কৰে ।

২/ ড° জিতেন্দ্ৰনাথ গোস্বামী অসমৰ এজন প্ৰখ্যাত বিজ্ঞানী । তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী । এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ । চন্দ্ৰযান-২ ৰ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory) ৰ সঞ্চালক। এইজন অসমীয়া বিজ্ঞানীৰ জন্ম হয় অসমৰ যোৰহাট জিলাত।

৩ / ড° ভূপেন্দ্ৰ নাথ গোস্বামী (জন্ম ১ আগষ্ট, ১৯৫০ চন) এগৰাকী ভাৰতীয় বতৰবিজ্ঞানী, Indian Institute of Tropical Meteorology (IITM) ৰ প্ৰাক্তন সঞ্চালক আৰু Indian Institute of Science Education and Research ৰ এগৰাকী অধ্যাপক ৷ তেওঁ ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত কৰা গৱেষণাৰ বাবে প্ৰসিদ্ধ ৷ ড° গোস্বামী ভাৰতৰ বিভিন্ন বিজ্ঞান প্ৰতিষ্ঠান যেনে , ইণ্ডিয়ান নেশ্যনেল চায়েন্স একাডেমী, ইণ্ডিয়ান একাডেমী অব চায়েন্সেছ, নেশ্যনেল একাডেমী অব চায়েন্সেছ আৰু ৱৰ্ল্ড একাডেমী অব চায়েন্সেছ আদিৰ সন্মানীয় সদস্য ৷ ১৯৯৫ চনত ভাৰত চৰকাৰৰ বৈজ্ঞানিক গৱেষণাৰ পৰিচালক প্ৰতিষ্ঠান কাউন্সিল অব চায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ (The Council of Scientific and Industrial Research) তেওঁক বতৰবিজ্ঞানলৈ আগবঢ়োৱা মূল্যৱান অৱদানৰ স্বীকৃতি স্বৰূপে শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে হয়।

৪/ ড° প্ৰশান্ত গোস্বামী ঃ- ড° প্ৰশান্ত গোস্বামী ( জন্ম ১৯৫৯) এজন অসমীয়া তথা ভাৰতীয় গাণিতিক ভূবিজ্ঞানী, জলবায়ু বিজ্ঞানী আৰু নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক- প্ৰধান । তেওঁ ক্ৰান্তীয় ( Tropical ) বায়ুমণ্ডলৰ চলকীয় পৰিৱৰ্তনৰ অধ্যয়নৰ বাবে বিশেষ ভাবে জনাজাত। ] ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০০১ চনত বিজ্ঞানৰ শ্ৰেষ্ঠ পুৰস্কাৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।

৫/ ড° বিনয় কুমাৰ শইকীয়া ঃ -ড॰ বিনয় কুমাৰ শইকীয়া এগৰাকী অসমীয়া তথা ভাৰতীয় বিজ্ঞানী। তেওঁ বৰ্তমান অসমৰ যোৰহাটত অৱস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কয়লা ৰসায়ন বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী । তেওঁ বিশেষকৈ কাৰ্বন নেনোমেটেৰিয়েল আৰু সেইবোৰৰ প্ৰয়োগ, পাৰিপাৰ্শ্বিক নেনো-খনিজবিজ্ঞান, এৰোচ’ল কেমিষ্ট্ৰী আৰু নিম্ন-শ্ৰেণীৰ কয়লাৰ ব্যৱহাৰৰ বিষয়ৰ গৱেষণাৰ সৈতে জড়িত। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক ‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান’ শিতানত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে । ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম সৌৰভ বঁটা’ প্ৰদান কৰে ।

৬/ ড° পূৰবী শইকীয়া – চলিত বৰ্ষৰ বাবে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে অসম সন্তান বিজ্ঞানী ড° পূৰবী শইকীয়াই ।লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰয়াত কৃষক চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কণিষ্ঠ কন্যা ড° পূৰবী শইকীয়া উদ্ভিদ বিজ্ঞানৰ গৱেষক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক । তেখেতে Plant ecology , biodiversity conservation and soil ecology ৰ ওপৰত গৱেষণা কৰি এই বিৰল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

বিশিষ্ট বিজ্ঞানী, অসম গৌৰৱ ড° পূৰৱী শইকীয়ালৈ আমাৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ।

0Shares