কিতাপ হৈছে এজন ব্যক্তিৰ বিশ্বাসযোগ্য বন্ধু। এখন কিতাপে কোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াত সহায় কৰে। কিতাপ পঢ়াৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে , সকলো লোকেই নিজৰ মনপছন্দ কিতাপ পঢ়াৰ আনন্দ লাভ কৰিব পাৰে।

আজি ৯ আগষ্ট, ৰাষ্ট্ৰীয় গ্ৰন্থপ্ৰেমী দিৱস। প্ৰত্যেক বছৰে ৯ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় গ্ৰন্থপ্ৰেমী দিৱস পালন কৰা হয়। মানুহৰ কিতাপ পঢ়াৰ যি আনন্দ, যি এক অদম্য হেঁপাহ, সেই হেপাহঁক সন্মান জনোৱাৰ লগতে এই সমূহ প্ৰচাৰৰ বাবে উৎসৰ্গিত কৰা এক বিশেষ অনুষ্ঠান।

এই দিনটোৱে আমাৰ জীৱনত কিতাপৰ বিশাল প্ৰভাৱ আৰু কেৱল আমোদৰ উৎস হোৱাৰ বাহিৰেও বহু ক্ষেত্ৰত বহু স্মৃতিৰ সোৱৰণি হিচাপে কাম কৰে। বৰ্তমান সময়ত ইলেক্ট্ৰনিক সামগ্ৰীৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে বহু ক্ষেত্ৰত এই সামগ্ৰী সমূহে মানুহৰ মন অশান্ত কৰি তোলাৰ লগতে মানসিক চাপত ভাৰাক্ৰান্ত হৈছে।

কিন্তু, পঢ়াৰ অভ্যাস কৰাতো সকলো বয়সৰ লোকৰ বাবে উপযোগী। পঢ়াৰ অভ্যাসে মানসিক চাপ কমোৱাৰ লগতে জ্ঞান ক্ষমতা বৃদ্ধি কৰে আৰু শব্দ ভাণ্ডাৰৰো উন্নতি কৰে।

ৰাষ্ট্ৰীয় গ্ৰন্থপ্ৰেমী দিৱস উদযাপনৰ কিছুমান বিশেষ উপায়-

১.এখন ভাল কিতাপ পঢ়া।

২.এটা গ্ৰন্থ ক্লাব আৰম্ভ কৰা।

৩.কিতাপ উপহাৰ দিয়ক।

৪.ৰাষ্ট্ৰীয় গ্ৰন্থপ্ৰেমী দিৱস বিদ্যালয় সমূহত উদযাপন কৰা যাতে শিশু সকলৰ মাজত সৰুৰে পৰা সৎ আভ্যাসে গঢ় লয়।

৫.কোনো ভাল অনুষ্ঠানৰ বাবে কিতাপ দান কৰা।

৬.স্থানীয় পুঠিভৰালত অলপ সময় কটোৱা, ইত্যাদি।

পঢ়া আৰু আজীৱন নতুন শিক্ষাৰ প্ৰতি থকা প্ৰেমক প্ৰসাৰিত কৰিবলৈ ৰাষ্ট্ৰীয় গ্ৰন্থপ্ৰেমী দিৱস উদযাপনে মানুহক নিজৰ ব্যস্ত জীৱনৰ পৰা সময় উলিয়াই ভাল কিতাপৰ লগত মধুৰতম সময় আতিবাহিত কৰিবলৈ উৎসাহিত কৰে।

0Shares