ৰাজপাটৰ পৰা গাদীচ্যুত হৈ ভাৰতত থিতাতে লৈ আছেহি বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। কি হ’ব শ্বেখ হাছিনাৰ ভৱিষ্যত? পুনৰ ৰাজনীতিলৈ ঘূৰিবনে? ভাৰতে কি কৰিব হাছিনাক? পৰৱৰ্তী সময়ত কোন দেশত আশ্ৰয় ল’ব হাছিনাই? হাছিনাৰ বাবেই ভাৰত-বাংলাদেশৰ সম্পৰ্কত ফাট মেলিব নেকি? নিষিদ্ধ ঘোষিত সংগঠনসমূহ পুনৰ সক্ৰিয় হ’ব নেকি? সংখ্যালঘুৰ ওপৰত নিৰ্যাতন আৰম্ভ হ’ব নেকি? নৱগঠিত মহম্মদ ইউনুছ চৰকাৰ আমেৰিকাৰ হাতৰ পুতলা হ’ব নেকি? সঁচাকৈয়ে বাংলাদেশে প্ৰকৃত স্বতন্ত্ৰতা ঘূৰাই পালেনে? এইসমূহ প্ৰশ্নৰ উত্তৰ পাবলৈ বাট চাব লাগিব সময়লৈ।
কিন্তু ভাৰতৰ পৰাই দেশবাসীলৈ লিখা শেষৰখন চিঠি ভাইৰেল হৈ পৰিছে। বাংলাদেশবাসীলৈ শেষৰখন মুকলি চিঠিত হাছিনাই লিখিছে-
মই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলোঁ। কেৱল মৃতদেহৰ দম নাবান্ধক, ৰাজপথ তেজেৰে ৰাঙলী নহওক, মৃতদেহৰ শোভাযাত্ৰা নহওক, সেই ভাবিয়েই গাদী এৰি দিলোঁ। প্ৰতিবাদী শিক্ষাৰ্থীসকলে আপোনালোকৰ মৃতদেহৰ মাজেদি ক্ষমতালৈ আহিব বিচাৰিছিল, মই এই কাম কৰাৰ অনুমতি নিদিলোঁ। আমি ক্ষমতা আছে বাবেই ক্ষমতালৈ আহিছিলোঁ, আমি শাসনত থাকিব পাৰিলোঁহেঁতেন যদিহে চেইণ্ট মাৰ্টিন দ্বীপ আৰু বঙ্গোপসাগৰ আমেৰিকাৰ হাতত এৰি দিলোহেঁতেন। আপোনালোকে ইয়াক ব্যৱহাৰ হ’বলৈ নিদিব।
মৃতদেহ হৈ ঘৰলৈ উভতা আমাৰ মৰমৰ-আদৰৰ সন্তানসকলৰ মৃত্যুৰ যাতে সুবিচাৰ হয় তাৰ বাবে মই নিৰ্দেশ দি আহিছোঁ।
আগলৈ হাছিনাই দেশবাসীলৈ লিখিছে-
আজি যদিহে মই দেশত থাকিলোহেঁতেন আৰু অধিক লোকে প্ৰাণ হেৰুৱালেহেঁতেন, বহু ধন-সম্পত্তিৰ ধ্বংস হ’লহেঁতেন। মই নিজকে এই সকলোবোৰৰ পৰা আঁতৰাই আনিলোঁ, তোমালোককে তোমালোকৰ জয় গতাই আহিলোঁ, তোমালোকেই মোৰ শক্তি আছিলা। তোমালোকেই যিহেতু মোক নিবিচাৰিলা, গতিকে মই নিজেই তেতিয়া গুচি আহিলোঁ, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলোঁ।
যিসকল মোৰ-আমাৰ দলৰ কৰ্মী, তেওঁলোকে ভাঙি পৰিব নালাগে, আশা হেৰুৱাব নালাগে। আৱামি লীগে বাৰে বাৰে বিভিন্ন পৰিস্থিতিতো সম্ভ্ৰমেৰে থিয় হৈছে।
আপোনালোকে নিজেই ঠিয় হৈ জীয়াই থাকিব লাগিব। হতাশ নহ’ব। সোনকালে মই ঘূৰি আহিম। ইনশ্বাল্লাহ ।
শেষত শ্বেখ হাছিনাই লিখিছে-
পৰাজয় মোৰ হৈছে কিন্তু জয় বাংলাদেশৰ জনসাধাৰণৰ হৈছে। বাংলাদেশৰ মানুহৰ বাবেই মোৰ দেউতা, মোৰ পৰিয়ালে প্ৰাণ দিছিল। ইতিমধ্যে বহু নেতাই শ্ৰমিকক হত্যা কৰি ঘৰ ভাঙি জুই লগাই দিয়াৰ খবৰ পাইছোঁ। নিশ্চয় আল্লাই তোমালোকক সহায় কৰিব।
মই মোৰ কোমল মনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ক’ব বিচাৰিছো, মই কেতিয়াও তোমালোকক উদ্দেশ্যি অশোভনীয় মন্তব্য কৰা নাছিলো। মোৰ কথাবোৰ বিকৃত কৰা হৈছে। সেইদিনাৰ সম্পূৰ্ণ ভিডিঅ’টো সকলোকে চাবলৈ অনুৰোধ জনালোঁ। আপোনালোকক বিপদত পেলাই সুযোগ লৈছে একাংশই। মোৰ বিশ্বাস যে, সকলোৱে সেই কথা এদিন উপলব্ধি কৰিব পাৰিব।
ভালে থাকক মোৰ দেশবাসী
ভালে থাকক মোৰ সোণাৰ বাংলা
জয় বাংলা
জয় বংগবন্ধু
শ্বেখ হাছিনা
(বুধবাৰ ০৭.০৮.২০২৪, নতুন দিল্লী, ভাৰত)
শ্বেখ হাছিনাৰ আৱেগিক পত্ৰখনে বাংলাদেশৰ শেহতীয়া ঘটনাপ্ৰবাহৰ বহু কথাই উল্লেখ কৰিলে। প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱাই এতিয়া দিশহাৰা শ্বেখ মুজিবুৰ ৰহমানৰ কন্যা।