সম্পৰ্কীয় বাতৰি

জানমণি খ্যাত জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই আগবাঢ়িছে জীৱনৰ আন এটা ইনিংছলৈ। অৰ্থাৎ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ বিবাহৰ বাবে আৰম্ভ কৰিছে প্ৰাৰম্ভিক প্ৰক্ৰিয়া।

পিছে দৰা কোন জানেনে? যশস্বী ছবি পৰিচালক মুনিন বৰুৱাৰ পুত্ৰৰ অৰ্ধাংগিনী হ’ব শ্যামন্তিকা। মানস বৰুৱাৰে বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰীগৰাকী।

উল্লেখ্য যে, ইতিমধ্যে শ্যামন্তিকাৰ বিবাহৰ মেহেন্দী অনুষ্ঠান অনুষ্ঠিত হয় কাজিৰঙাৰ বিলাসী বৰগছ ৰিজৰ্টত।

অভিনেত্ৰীগৰাকীৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী তাৰকা। এতিয়া অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক জনাইছে শুভেচ্ছা আৰু শুভকামনা।

0Shares