সম্পৰ্কীয় বাতৰি

আমেৰিকাত একপ্ৰকাৰ লাগিছে দৌৰাদৌৰি।

ট্ৰাম্পৰ নাগৰিকত্বৰ সময়সীমাৰ পূৰ্বেই চি-চেক্সনৰ বাবে চিকিৎসালয়লৈ দৌৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ নিবাসী ভাৰতীয় দম্পতীয়ে। ভাৰতীয় দম্পতীসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰসূতি ক্লিনিকলৈ গৈছে আৰু চিকিৎসকক প্ৰাক-প্ৰসৱ জন্মৰ বাবে কৰিছে নিবেদন। ইয়াৰ কাৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া ঘোষণা।

ঘোষণা অনুসৰি আমেৰিকাত ২০ ফেব্ৰুৱাৰীৰ পৰা জন্মগত অধিকাৰ নাগৰিকত্ব সমাপ্ত কৰাৰ দিয়া হৈছে কাৰ্যবাহী আদেশ। কিন্তু চিকিৎসকসকল মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত। তথাপিও জন্মগত অধিকাৰ নিষেধাজ্ঞাৰ সময়সীমাৰ পূৰ্বে সন্তান প্ৰসৱৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সন্তান জন্ম দিয়াৰ বাবে খৰধৰ হৈছে।

চিকিৎসকে জনোৱা অনুসৰি, ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে চি-চেক্সনৰ বাবে প্ৰসূতি ক্লিনিকত শাৰী পাতি আছে। এগৰাকী ভাৰতীয় বংশোদ্ভূত স্ত্ৰীৰোগ বিশেষজ্ঞই কয় যে, তেওঁ এনে প্ৰায় ২০ টা দম্পতীৰ পৰা ফোন পাইছিল।

পিছে ২০ ফেব্ৰুৱাৰী কিয়?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যবাহী আদেশৰ অধীনত জন্মগত অধিকাৰ নাগৰিকত্ব সমাপ্ত কৰাৰ ই এক সময়সীমা। ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ লগে লগে ট্ৰাম্পে স্বাক্ষৰ কৰা কাৰ্যবাহী আদেশসমূহৰ ভিতৰত অন্যতম এক আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগত অধিকাৰ নাগৰিকত্ব সমাপ্ত কৰা। সেয়েহে, ১৯ ফেব্ৰুৱাৰীলৈকে আমেৰিকাত জন্ম গ্ৰহণ কৰা শিশুসকল আমেৰিকান নাগৰিক হ’ব।

0Shares