
গীতা অনুসৰি, জ্ঞান দিয়ে গুৰুৱে। গুৰুৰ অবিহনে জ্ঞান পোৱা সম্ভৱ নহয়। গুৰু মূলতঃ পাঁচ প্ৰকাৰৰ- পিতৃগুৰু, মাতৃগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু আৰু পৰমেষ্ঠীগুৰু।
জগতৰ গুৰুৱেই হ’ল পৰমেষ্ঠীগুৰু। সকলোৰে গুৰু পৰমেষ্ঠীৰূপী গুৰু শ্ৰীকৃষ্ণই নিজে কুৰুক্ষেত্ৰ সমৰত অৰ্জুনক জ্ঞান প্ৰদান কৰিছে। গুৰুৰ উদ্দেশ্য জ্ঞান প্ৰদান কৰা। যাৰ যোগেদি ময়াবন্ধন নাইকীয়া হ’ব পাৰে। জ্ঞানৰ পোহৰ পাব পাৰে। সেই ব্ৰহ্মসাযুয্য গৰাকীয়েই গুৰু।
“গু” শব্দই মায়াক বুজায়। “ৰু” শব্দই ব্ৰহ্মক বুজায়। যিয়ে মায়া ভ্ৰান্তি দূৰ কৰে। কৃষ্ণই অৰ্জুনৰ সন্মুখত গুৰুৰূপে থিয় হৈ অৰ্জুনৰ সন্দেহ দূৰ কৰি মায়াবন্ধনৰ পৰা মুক্ত কৰিছে। জীৱ মায়াযুক্ত। প্ৰত্যেক জীৱক মায়াই বান্ধে। মায়াৰ দ্বাৰা পাশযুক্ত হ’লেই জীৱ কিংকৰ্তব্যবিমূঢ় হয়। বিষয়ী লোকে অধিক মায়া পাশত আবদ্ধ হৈ বিষয়ী কণ্টক চোবাই তাৰ ৰস পান কৰি ভাল পায়। কাঁইট চোবাই ভাল পোৱা স্বভাৱ উটৰ। বিষয় কন্টক ৰসৰ স্বাদ আঁতৰাই জীৱক প্ৰকৃত ৰসৰ সোৱাদ দিয়াটোৱেই গুৰুৰ লক্ষ্য। সেয়ে কৃষ্ণই অৰ্জুনৰ সন্মুখত প্ৰকৃত দ্রষ্টাৰূপে গুৰুজ্ঞান প্ৰদান কৰিছে।