গীতাৰ চতুৰ্থজন বক্তা হ’ল ধৃতৰাষ্ট্ৰ। গীতাৰ ৭০০ টা শ্লোকৰ ভিতৰত মাত্ৰ এটা শ্লোকহে ধৃতৰাষ্ট্ৰই ব্যক্ত কৰিছে। যাক গীতা শাস্ত্ৰৰ প্ৰথম শ্লোক বুলি কোৱা হয়।

ধৃতৰাষ্ট্ৰৰ একমাত্ৰ শ্লোকটো হ’ল-

ধৰ্মক্ষেত্ৰে কুৰু ক্ষেত্ৰে সমৱেতা যুযুৎসবঃ।

মামকাঃ পাণ্ডৱাশ্চৈৱ কিমকুৱৰ্ত সঞ্জয়।।

অৰ্থাৎ, অতি উৎসুকতাৰে থকা ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছিল- ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ কাৰণে সমবেত হৈ তেওঁৰ আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? উল্লেখযোগ্য যে পোনপটীয়াকৈ কুৰু-পাণ্ডৱে কুৰুক্ষেত্ৰত কি কৰিলে বুলি সোধাৰ বিপৰীতে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমৱেত হৈ কি কৰিলে বুলি প্ৰশ্ন কৰিছে।

প্ৰশ্নবোধক এই শ্লোকটোৰ বাহিৰে ধৃতৰাষ্ট্ৰই আৰু অধিক এটাও শ্লোক অৱতাৰণা কৰা নাই। ইও এক তাৎপৰ্যপূৰ্ণ বিষয়।

0Shares