শান্তিস্বৰূপ ভটনাগৰ বঁটাপ্ৰাপক যুৱ বিজ্ঞানী ড° পূৰৱী শইকীয়লৈ কবিতাৰে শুভেচ্ছা জ্ঞাপন কবি তগৰ নাথ ভূঞাৰ।
কবিতাৰ শিৰোনাম- পূৰৱী
কবি- তগৰ নাথ ভূঞা
ভাৰতৰ পূব প্ৰান্তত জনম লভিলা,
সেয়েহে পূৰৱী নাম ল’লা।
পিতৃ চন্দ্ৰেশ্বৰ আৰু মাতৃ আইধান,
প্ৰকৃতি ৰম্যভূমি চিয়াজুলি জন্মস্থান।
নৈসৰ্গিক শোভা আৰু শ্যামলী পৰিৱেশ।
চিয়াজুলি এক মনোৰম স্থান
সেয়েহে হবলা গৱেষণাৰ হেতু
বাচি ল’লা পৰিৱেশ পৰ্য্যাবৰণ বিজ্ঞান।
উদিত সূৰ্য চিয়াজুলীৰ সোণালী আভাৰে
উদ্ভাষিত হৈ সোণ হৈ জিলিকি ৰ’লা।
গৱেষণা অধ্যয়ন বহু কৰিলা
”শান্তি স্বৰূপ ভাট নাগৰ”বঁটা বুটলি ল’লা
অভিনন্দন তোমাক বহুত অভিনন্দন।
মাথোঁ চিয়াজুলিৰে নহয়
সমগ্ৰ অসম তথা ভাৰতৰ গৌৰৱ
তুমি ভাৰতৰ বৈভৱ
আৰু যদি কিবা আছে লক্ষ্য জীৱনৰ
প্ৰাপ্তিত উপনীত হোৱা,
এয়ে কামনা।
সোঁৱৰাই দিলো মাথোঁ
এয়া তোমাৰ জীৱনৰ ভৰ দূপৰীয়া
থমকি নৰবা আগুৱাই যোৱা
বেলি লহিয়াব নিদিবা
ধৰি ৰাখিবা।।