নিজৰ আটাইতকৈ প্ৰিয় বান্ধৱী গৰাকীৰ সৈতে অলপ ধেমালি কৰিব বিচাৰিছিল তেওঁ! কিন্তু তাৰ পৰিণাম হ’ল বিষম। মৰমৰ বান্ধৱীৰ ধেমালিয়ে জীৱন কাঢ়ি নিলে বান্ধৱীৰ। এই ঘটনাটো সংঘটিত হয় মহাৰাষ্ট্ৰৰ চাটাৰাত।
বান্ধৱী গৰাকীয়ে ধেমালিৰ বাবে তেওঁৰ পুত্ৰৰ নামত এটা ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলিছিল। তাৰ পিছত বান্ধৱী গৰাকীৰে কথা পাতিবলৈ আৰম্ভ কৰে তেওঁ। লাহে লাহে সম্পৰ্ক গঢ় লৈ উঠে প্ৰেমৰ। মৰমৰ বান্ধৱীৰ এই ধেমালি ধৰিব নোৱাৰি যুৱতীগৰাকীয়ে ভুৱা ‘ইনষ্টা বয়ফ্ৰেণ্ড’ৰ প্ৰেমত পৰে। ইয়াৰ পিছতেই ‘ইনষ্টা বয়ফ্ৰেণ্ড’ক লগ কৰিবলৈ মাতে তেওঁ। কিন্তু লগ নকৰে প্ৰেমিকে।
এই কথাৰ পৰা বাচিবলৈ প্ৰেমিক ৰূপী বান্ধৱীয়ে পুনৰ খুলে আন এটা ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট। আৰু সেই একাউণ্টৰ পৰা প্ৰেমিকালৈ মেচেজ দি কয় যে, তেওঁৰ ‘প্ৰেমিকে’ আত্মহত্যা কৰিছে। এই কথা শুনি প্ৰেমিকা যুৱতীগৰাকী মানসিকভাৱে ভাগি পৰে। আৰু তাৰ পিছতেই তেওঁ হতাশাত ভূগি আত্মহত্যা কৰে।
ইয়াৰ পিছতেই ভুক্তভোগীৰ পৰিয়ালে ঘটনাটোৰ অনুসন্ধান কৰি যুৱতী গৰাকীৰ ম’বাইল ফোন পৰীক্ষা কৰে। আৰু তেতিয়াই পৰিয়ালৰ লোকে অনুভৱ কৰিছিল যে এটা ধেমেলীয়া কাণ্ডৰ বাবে তেওঁলোকে যুৱতী গৰাকীক হেৰুৱালে। লগে লগেই তেওঁলোকে ঘটনাটো অৱগত কৰে আৰক্ষীক। আৰু তাৰ পিছতেই আৰক্ষীয়ে অভিযুক্ত মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰে।