এক উদ্বেগজনক তথ্য। বিগত ৫ বছৰত বিদেশত অধ্যয়নৰত অৱস্থাতে মৃত্যু হৈছে ৬৩৩ জন শিক্ষাৰ্থীৰ। ইয়াৰে কিছুমানৰ মৃত্যু স্বাভাৱিক হোৱাৰ বিপৰীতে কিন্তু আন কিছুমানে প্ৰাণ হেৰুৱাইছে দুৰ্ঘটনাত। এই তথ্য সংসদত জনায় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে।

বিশ্বৰ সকলো প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানৰ বহু সংখ্যক শিক্ষাৰ্থী ভাৰতীয়। কিন্তু কেতিয়াবা বহুতেই দেশলৈ ঘূৰি আহিবলৈ সক্ষম নহয়। অৰ্থাৎ বহুতে বিদেশৰ মাটিত মৃত্যুৱৰণ কৰে। কেৰালাৰ সাংসদ কোডিকুন্নিল সুৰেশে সংসদত এই বিষয়টো উত্থাপন কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, “৪১ খন দেশত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে। ১৭২ শিক্ষাৰ্থীৰে সৰ্বাধিক মৃত্যু হৈছে কানাডাত। আমেৰিকা যুক্তৰাষ্ট্ৰত ১০৮ জন ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে। ঠিক তেনেদৰে ইংলেণ্ড, অষ্ট্ৰেলিয়া, ৰাছিয়া, জাৰ্মানী, পাকিস্তান আদি দেশতো মৃত্যু হৈছে ভাৰতীয় শিক্ষাৰ্থীৰ।

কিন্তু কেনেকৈ মৃত্যু হয় ভাৰতীয় শিক্ষাৰ্থী? এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে সংসদত বিতং তথ্য উপস্থাপন কৰি কয়- “বেছিভাগ মৃত্যু হয় ৰোগ বা দুৰ্ঘটনাৰ ফলত। কিন্তু বহুতক আক্ৰমণ কৰা হয়। এনে আক্ৰমণত ১৯ জন ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছিল। কানাডা, আমেৰিকা, অষ্ট্ৰেলিয়া, চীন, ইংলেণ্ড আৰু কিৰগিজস্তানত আক্ৰমণত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।”

তেওঁ লগতে কয়- “বিদেশত ভাৰতীয় শিক্ষাৰ্থীৰ সুৰক্ষা চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম। ভাৰতীয় উচ্চপদস্থ বিষয়াসকলে বিদেশৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ সৈতে নিয়মীয়া যোগাযোগত আছে। যিসকল শিক্ষাৰ্থী বিদেশত পঢ়িবলৈ বিদেশলৈ যায়, তেওঁলোকক যিকোনো প্ৰশ্নৰ দ্ৰুত সমাধানৰ বাবে MADAD পৰ্টেলত পঞ্জীয়ন কৰিবলৈও আহ্বান জনোৱা হয়।”

0Shares