সম্পৰ্কীয় বাতৰি

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে ৰঙাচাহী পঞ্চায়তৰ অন্তৰ্গত ১ নং ভূৰামৰা গাঁৱত কাতি বিহু উদযাপন কৰা হয়। ভূৰামৰাৰ গেছ এজেঞ্চিৰ সমীপৰ পথাৰত বিয়লি দুই বজাৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে ব্যতিক্ৰমী অনুষ্ঠানটি ৰূপায়ন কৰা হয়।

কাতি বিহু উদযাপন উপলক্ষে বিয়লি প্ৰথমে কৃষক আৰু কৃষি বিষয়াৰ মাজত মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। কৃষি পৰিদৰ্শক দেৱজিৎ বৰাই আঁত ধৰা উক্ত মত-বিনিময় অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত জিলা বিষয়া তথা অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক অৰুণ কুমাৰ পাঠক। তেখেতে কৃষি ক্ষেত্ৰত উন্নত কৃষি বীজ আৰু কৃষি পদ্ধতি প্ৰয়োগ, প্ৰাকৃতিক তথা জৈৱিক কৃষি, এইক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপ, কৃষিত জৈৱিক সাৰ ব্যৱহাৰ, কেঁচু সাৰ উৎপাদন, ঘৰতে পচন সাৰ তৈয়াৰ কৰা সন্দৰ্ভত বিস্তৃতভাৱে কৃষকক বুজাই কয়।

তাৰোপৰি, অনুষ্ঠানটোত জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ থানেশ্বৰ মুদৈ, জিলা মীন উন্নয়ন বিষয়া ভদ্ৰেশ্বৰ মিলি, বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ ক্ষেত্ৰ সমন্বয়ক ৰাহুল মিলি, কেন্দ্ৰ সঞ্চালক প্ৰিয়ংকা বৰা উপস্থিত থাকে। তেওঁলোকে কৃষকসকলক উদ্দেশ্যি নিজা বিভাগীয় ক্ষেত্ৰৰ বিভিন্ন বিষয় সন্দৰ্ভত বক্তব্য আগবঢ়াই।

অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন ভাস্কৰ ফুকন, কৃষি উন্নয়ন বিষয়া ক্ৰমে ড° দ্বীপজ্যোতি সৰকাৰ, ৰাজা ফুকন, পংকজ পূৰাণে অংশগ্ৰহণ কৰি কৃষকৰ লগত মত-বিনিময় কৰে।

ইয়াৰ পিছতেই কাতি বিহু উপলক্ষে আয়োজিত সভাত আদৰণি ভাষণ প্ৰদান কৰে মাজুলীৰ জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজাই। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে মাজুলীৰ বিধায়ক ভূৱন গামে। তেখেতে মাজুলীৰ কৃষকক কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে কৃষি কৰ্মত একনিষ্ঠভাৱে জড়িত হ’বলৈ আহ্বান জনায়। সভাত মাজুলীৰ অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) সৰুজ সোণোৱালেও অংশ লয়। মাজুলীৰ জ্যেষ্ঠ সাংবাদিক তথা জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াও অংশগ্ৰহণ কৰি বক্তব্য ৰাখে। লগতে সভাত সমাজকৰ্মী কৃষ্ণকান্ত ভূঞা, দীপক গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়।

সভাত মাজুলীৰ প্ৰগতিশীল অগ্ৰণী কৃষক দ্বিজেন বৰা, দীপক নেওগ, শৈলেন ৰেগন, ৰঞ্জিত কলিতা, অনিল দাস আৰু অচিন্ত্য মিলিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত কৃষকসকলক সম্বৰ্ধনা পত্ৰ, কৃষি সামগ্ৰী, অংগবস্ত্ৰ প্ৰদান কৰা হয়।

সন্ধিয়া, কাতি বিহু উপলক্ষে গায়ন-বায়নৰ মাংগলিক পৰিৱেশত তিনি গছি আকাশ বন্তি প্ৰজ্বলন কৰাৰ লগতে ভূৰামৰা পথাৰত কৃষকসকলে শতাধিক বন্তি প্ৰজ্বলন কৰে।

0Shares