সোমবাৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে জল্পনা-কল্পনা চলিছিল। পিছে দূৰ্গা পূজাৰ ধামখুমীয়াত ষষ্ঠীৰ নিশাই দেশবাসীলৈ আহিল সেই বেয়া খবৰটো! প্ৰয়াত উদ্যোগপতি ৰতন টাটা। টাটা গ্ৰুপৰ ‘সন্মানীয় অধ্যক্ষ’ই মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৮৬ বছৰ।
টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষজনক ৭ অক্টোবৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে চিন্তা বাঢ়িছিল সকলোৰে। ৰতন টাটাই অৱশ্যে নিজেই কৈছিল যে তেওঁক নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছিল, ‘মোৰ স্বাস্থ্যক লৈ বহুত জল্পনা-কল্পনা চলি আছে। এই অনুমানবোৰৰ কোনো ভিত্তি নাই।” অৱশ্যে, বুধবাৰে তেওঁৰ অৱস্থাৰ অৱনতি ঘটে।
টাটা গ্ৰুপ ১০০ বছৰতকৈও অধিক পুৰণি। এই গ্ৰুপৰ প্ৰতিষ্ঠাপক আছিল ৰতন টাটাৰ প্ৰপিতামহ। তেওঁ ১৯৯১ চনত টাটা গ্ৰুপৰ অধ্যক্ষ হৈছিল। সেই সময়ত টাটা গ্ৰুপৰ ব্যৱসায় মুখ্যতঃ অটোমোবাইল আৰু ইস্পাত উদ্যোগত বিয়পি পৰিছিল। প্ৰবীণ উদ্যোগপতিজনে ১৯৯৬ চনত টাটা টেলিচাৰ্ভিচেছ আৰম্ভ কৰিছিল। ২০০২ চনত তেওঁ আই টি কোম্পানী ‘টাটা কনচাল্টেন্সি চাৰ্ভিচেছ’ আৰম্ভ কৰিছিল। ২০১২ চনত তেওঁ টাটা গ্ৰুপৰ বিভিন্ন কোম্পানীৰ পোনপটীয়া দায়িত্বৰ পৰা পদত্যাগ কৰে আৰু সন্মানীয় পদ গ্ৰহণ কৰে।
বাণিজ্যিক বাহন নিৰ্মাণত TATA ক একক হিচাপে প্ৰতিষ্ঠা কৰাত ৰতন টাটাই লোৱা ভূমিকা অতি উল্লেখনীয়। মধ্যবিত্ত পৰিয়ালৰ এখন সৰু গাড়ী কিনাৰ হাবিয়াসক পূৰ্ণতা প্ৰদানৰ উদ্দেশ্যে তেখেতৰ নেতৃত্বত নিৰ্মাণ লাভ কৰে Tata Nano Car। প্ৰতিষ্ঠাৰ পিছতেই দেশত জনপ্ৰিয় হৈ পৰে এই Family Car খন। তাৰোপৰি, তেখেতৰ নেতৃত্বত বিশ্বতে জনপ্ৰিয়তা লাভ কৰে Tata Group ৰ কেইবাখনো বিলাসী গাড়ী যেনে- Tetley, Jaguar, Land Rover, Corus ইত্যাদি।
এইজনা মহান ব্যক্তিক ভাৰত চৰকাৰে ২০০০ চনত ‘পদ্মভূষণ’ আৰু ২০০৮ চনত ‘পদ্ম বিভূষণ’ সম্মানেৰে বিভূষিত কৰে। অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰেও তেওঁক প্ৰদান কৰিছিল ৰাজ্যৰ সৰ্বোচ্চ সম্মান। তাৰোপৰি, ইউনিভাৰ্চিটি অৱ কেমব্রিজ, লন্ডন স্কুল অৱ ইক’নমিক্স, আইআইটি বম্বে, ইয়েল ইউনিভাৰ্চিটিৰ পৰাও তেওঁ সম্মানিত হৈছিল।