সম্পৰ্কীয় বাতৰি

সমাগত নতুন বছৰ। নৱবৰ্ষৰ উচাহৰ মাজতেই আৰম্ভ হয় হেঁপাহৰ ভোগালী বিহুৰ আয়োজন। সাধাৰণতে ভোগালী বিহুত বিভিন্ন খাদ্য সম্ভাৰৰ লগতে অসমীয়া জীয়ৰী বোৱাৰীয়ে বনাই তিলৰ লাড়ু।

সেই তিলৰ লাড়ুৰ আছে আচৰিত ৰোগ প্ৰতিৰোধ ক্ষমতা।

সাধাৰণতে দৈনন্দিন ৰন্ধন প্ৰণালীত পৰিৱেশন কৰা নহয় তিল। সেয়েহে লাড়ু হিচাপে প্ৰস্তুত কৰি দৈনিক তিল খাব পাৰি। বিশেষকৈ শীত কালত তিল খালে স্বাস্থ্যৰ বাবে অতি উত্তম। ঋতু পৰিবৰ্তনৰ সময়ত সংক্ৰামক ৰোগৰ আশংকা থাকে। সেয়েহে এই সময়ছোৱাত তিল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় বুলি পুষ্টিবিদসকলে কয়।

তিলৰ

তিলত আইৰণ, কেলচিয়াম, ফছফৰাছ আদি খনিজ পদাৰ্থ থাকে। ইয়াৰ উপৰিও তিলত আঁহ থাকে। এই আঁহে অন্ত্ৰ সুস্থ কৰি ৰখাৰ উপৰিও তেজৰ চেনিৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখে। বহুতৰে ছাল শীতকালত ৰুক্ষ আৰু শুকান হৈ পৰে। তিলে ছালৰ প্ৰদাহজনিত সমস্যাও নিৰাময় কৰে।

0Shares