এক ভাল খবৰ। ভাৰতীয় পৰ্বতাৰোহণ সংস্থাই আয়োজন কৰা পৰ্বতাৰোহণৰ কাৰ্যসূচী ‘ক্লাইম্বাথন ২০২৪’ লৈ অসমৰ হৈ অংশগ্ৰহন কৰিবলৈ সুবিধা লাভ কৰিছে লখিমপুৰ জিলাৰ দেওতোলাৰ ৰুবী বৰাই। কেৱল মহিলাৰ বাবে আয়োজিত অভিযানটোত অসমৰ একমাত্ৰ নিৰ্বাচিত পৰ্বতাৰোহী ৰুবী বৰা।
হিমাচল প্ৰদেশত অৱস্থিত ভাৰতৰ তৃতীয় বৃহৎ হিমবাহ বাৰা চিগৰি হিমবাহত হ’বলগীয়া অভিযানটোৰ কাৰ্যসূচী ৩০ জুলাইৰ পৰা ২২ আগষ্টলৈ নিৰ্ধাৰণ কৰা হৈছে। ১ আগষ্টত দিল্লীস্থিত ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ মুখ্য কাৰ্যালয়ত অনুস্থিত হ’বলগীয়া ফ্লেগ অফ কাৰ্যসূচীৰ পিছতে দলটো মানালীলৈ ৰাওনা হোৱাৰ কথা।
ৰুবী বৰা
কেইবাখনো ৰাজ্যৰ পৰা এগৰাকীকৈ লাভ কৰা মহিলা বিশেষ অভিযানটোত দেশৰ মুঠ ২০ গৰাকী পৰ্বতাৰোহী নিৰ্বাচিত হৈছে।
উল্লেখ্য যে অসমৰ পৰা নিৰ্বাচিত হোৱা ৰুবী বৰা অসম পৰ্বতাৰোহণ সন্থাৰো এগৰাকী সদস্যা।