হিংসাজৰ্জৰ মণিপুৰত বাঢ়িছে উত্তেজনা। চৰম নিৰাপত্তাহীনতাত সৰ্বসাধাৰণ। ৰাজ্যখনত পুনৰ উদ্ধাৰ তিনিগৰাকী লোকৰ মৃতদেহ। জিৰিবাম জিলাত ১১ নৱেম্বৰত সশস্ত্ৰ সংগ্ৰামীৰ দ্বাৰা অপহৃত হৈছিল ৩ শিশু আৰু ৩ গৰাকী মহিলা। সেই অপহৃতসকলৰ মাজৰে অন্যতম এই তিনিটা মৃতদেহ?অপহৰণস্থলীৰ পৰা ১৫ কি.মি. নিলগৰ অসম-মণিপুৰ সীমান্তৱৰ্তী জিৰি নদীত উদ্ধাৰ এই তিনিটা মৃতদেহ। চিনাক্তকৰণ আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কেইটা শিলচৰ মেডিকেল কলেজ হস্পিতাললৈ অনা হয়।ইফালে, ৰাজধানী ইম্ফলত মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ লোকসকলে অপহৃতসকলৰ মুক্তিৰ দাবীত মমবাতি জ্বলাই মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

0Shares