ন্যায়ৰ দাবীত আল্লু অৰ্জুনৰ ঘৰৰ সমুখত বিক্ষোভ প্ৰতিবাদকাৰীৰ। হাতে হাতে প্লে-কাৰ্ড লৈ চুপাৰষ্টাৰৰ ঘৰৰ সমুখত বিক্ষোভ প্ৰতিবাদীৰ। শিল, বিলাহীৰে কৰিছে আক্ৰমণ।

উল্লেখ্য যে, হায়দৰাবাদৰ প্ৰিমিয়াৰৰ সময়ত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাত এৰাতিৰ বাবে জেল খাটিছিল আল্লু অৰ্জুনে। আৰু জামিন লাভৰ পিছতেই ন্যায়ৰ দাবীত অভিনেতা গৰাকীৰ ঘৰৰ সমুখত উত্তাল প্ৰতিবাদ জনতাৰ।

এই ঘটনাৰ কিছু সময়ৰ পূৰ্বে আল্লুৱে ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছিল, “মই মোৰ অনুৰাগীসকলক তেওঁলোকৰ অনুভূতি দায়িত্বশীলভাৱে প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছো। কোনো অশ্লীল শব্দ ক’তো ব্যৱহাৰ নকৰিব, সেয়া সামাজিক মাধ্যমেই হওক বা অফলাইনেই হওক।”

প্ৰতিবাদকাৰীসকলে চিকিৎসাধীন কিশোৰ শ্ৰী তেজৰ ন্যায়ৰ দাবীত বেনাৰ আৰু পোষ্টাৰ লৈ সমবেত হৈছিল। তেওঁলোকে ১ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে। 

বৰ্তমান “পুষ্পা-২” ছবি যিমানেই জনপ্ৰিয় হৈছে, সিমানেই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। যিয়ে যেন কাল হৈ পৰিছে অভিনেতা গৰাকীৰ বাবে।

0Shares