সম্পৰ্কীয় বাতৰি

ভাৰতবৰ্ষৰ বিভিন্ন চহৰৰ এইকেইদিনৰ তাপমাত্ৰা

☀ লক্ষ্ণৌ ৪৭ ডিগ্ৰী
☀ দিল্লী ৪৭ ডিগ্ৰী
☀ আগ্ৰা ৪৫ ডিগ্ৰী
☀ নাগপুৰ ৪৯ ডিগ্ৰী
☀ কোটা ৪৮ ডিগ্ৰী
☀ হাইদৰাবাদ ৪৫ ডিগ্ৰী
☀ পুনে ৪২ ডিগ্ৰী
☀ আহমদাবাদ ৪৬ ডিগ্ৰী
☀ মুম্বাই ৪৫ ডিগ্ৰী
☀ নাচিক ৪২ ডিগ্ৰী
☀ বাংগালোৰ ৪০ ডিগ্ৰী
☀ চেন্নাই ৪৫ ডিগ্ৰী
☀ ৰাজকোট ৪২ ডিগ্ৰী
☀️ গুৱাহাটী ৪১ ডিগ্ৰী

অহা বছৰ উপৰোক্ত আটাইকেইখন চহৰত ৫০ ডিগ্ৰী পৰ্যন্ত পাৰ হ’ব ৷AC য়েওঁ ৰক্ষা কৰিব নোৱাৰিব ৷গ্ৰীষ্ম কাল মানেই মৃত্যুৰ উপত্যকাত পৰিনত হ’ব ৷তাপমাত্ৰা বৃদ্ধিৰ কাৰন আমি সকলোৱে জানো…বিগত ১০ বছৰত ভাৰতবৰ্ষৰ প্ৰায় ১০ কোটি গছ কাটি পেলোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাৰনে ৷আন আন কামত চোৰাংভাৱে বা অন্য যিকোনো কাৰনত কিমান কোটি কোটি ডাল গছ কাটি পেলোৱা হৈছে তাৰ হিচাপ কাৰো হাতত নাই ৷

গছ অবিহনে পৃথিৱীক কোনে ঠাণ্ডা কৰিব ..কোনে অক্সিজেন দিব …এতিয়া আৰু চৰকাৰক দোষ দি ..বা চৰকাৰলৈ ৰৈ লাভ নাই…নিজৰ লগতে নিজৰ সতি সন্ততি আৰু সিহঁতৰো সতি সন্ততিৰ কাৰনে যদি মানৱীয়তাৰ দায়িত্ব পালন কৰিব খোজে তেন্তে সকলোৱে সৰু বৰ যি পাৰে গছৰ পুলি ৰোৱাৰ অভ্যাস গঢ়ক …দৰকাৰ হ’লে আমাক খাদ্য দিয়া গছেই ৰুই দিয়ক ..কল..কঠাল..আম..জাম অমিতা গছ..শিলিখা..কাজিটেঙা গছ..বেল..নিম..কমলা গছ ৰোৱাৰ কাম হাতত লওঁক…প্ৰয়োজনত ফুলনিকে গঢ়ক…দৰকাৰ হ’লে লতা..গুল্ম জাতীয় উদ্ভিদ ৰোৱক..মুঠতে গছ ৰুওঁক.. ৰাস্তা ঘাট ..ঘৰৰ বেৰ…বা যিকোনো ৰাজহুৱা স্থানত গছ ৰুওঁক ৷

বাৰিষাৰ এই সময়ছোৱাত সেউজ বিপ্লৱ হ’ব লাগে ৷বিভিন্ন গছৰ বীজ ছটিয়াব লাগে ..১৫/২০ দিনৰ পিছত সেই বীজৰ পৰা গছৰ পুলি জন্মিব ৷সেই পুলি নিজেওঁ ৰুই দিয়ক..আনকো ৰুবলৈ দিয়ক..উৎসাহ দিয়ক ৷

বাৰ্থ দে ..বিয়া..আৰু সৰু ডাঙৰ সকলো অনুষ্ঠানত গছৰ পুলি উপহাৰ দিয়াৰ পৰম্পৰা এটা সৃষ্টি কৰিব লাগে ৷

ক্ষীপ্ৰ গতিত যদি আমি ৪/৫ বছৰ গছ পুলি ৰোপন আৰু লালন পালনত গুৰুত্ব নিদিওঁ ..গ্ৰীষ্মকালত এইবাৰ ৪০/৫০ ডিগ্ৰী…অহাবছৰ ৫০/৬০ ডিগ্ৰী গৰমত মৰিব সাজু হৈ থাকক ৷

0Shares